Welcome to our Assam Seba Blog. Click Here!

দমকল মিস্ত্ৰীৰ সৈতে পলাই গ’ল প্ৰধান শিক্ষকৰ সুন্দৰী পত্নী !

 



প্ৰেমে নামানে কোনো বাধা। আৰু সকলো বাধা নেওচি শিক্ষক স্বামীক এৰি মিস্ত্ৰীৰ সৈতে পলাই গ’ল দুই সন্তানৰ মাতৃ। এই ঘটনা সংঘটিত হৈছে ডবকাৰ উদমাৰীত। এজন প্ৰধান শিক্ষকৰ সুন্দৰী পত্নীয়ে এজন দমকল মিস্ত্ৰীৰ সৈতে পলাই যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহিলাগৰাকী নিখোঁজ হোৱাত পৰিয়ালৰ ফালৰ পৰা অপহৰণ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে অপহৰণ নহয়, অবৈধ প্ৰেমিকৰ সৈতে পলাই গৈছে মহিলাগৰাকী।

ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰধান শিক্ষক স্বামীৰ অজানিতে এজন দমকল মিস্ত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল পত্নীয়ে। স্বামীক স্কুল ব্যস্ত থাকে, পত্নী ব্যস্ত থাকে প্ৰেমত। আৰু অৱশেষত স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাই যায় মহিলাগৰাকী। পত্নী সন্ধানহীন হৈ পৰাত স্বামীয়ে অপহৰণৰ এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰেমিক–প্ৰেমিকাক উদ্ধাৰ কৰি সোধা–পোছা চলায়।

Content Creator, Graphic Designer, UI / UX Designer

Post a Comment